Latest Jobs in School and College | Last date 2 February 2024 Apply Now

Apply Latest jobs in Assam 2024 hurry up


Latest Jobs in College

৫,৫৫০ শিক্ষক পদৰ বিজ্ঞাপন

Last Date : 2 February 2024

অসম চৰকাৰৰ শিক্ষা বিভাগে নিম্ন প্রাথমিক (LP) আৰু উচ্চ প্রাথমিক (UP) বিদ্যালয়ৰ বাবে ৫,৫৫০ গৰাকী শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা এই বিজ্ঞাপন অনুসৰি প্রার্থীসকলে অনলাইন যোগে আবেদন জনাব লাগিব।

1. নিম্ন প্রাথমিক (LP) বিদ্যালয়ত ৩,৮০০ শিক্ষকৰ পদ খালী

2. উচ্চ প্রাথমিকৰ (UP) ১,৭৫০টা শিক্ষক পদ খালী

Important Points :

  • নিযুক্তিপ্রাপ্ত প্রার্থীসকলে মাহিলি দৰমহা ১৪ হাজাৰ (Rs - 14000) টকাৰ পৰা ৭০ হাজাৰ (Rs - 70,000) টকাৰ লগতে গ্রেড পে 'আৰু অন্যান্য সা-সুবিধাসমূহ লাভ কৰিব।

  • জিলা অনুসৰি, মাধ্যম আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদনৰ বাবে বিজ্ঞাপন চাব পাৰিব।

  • ইয়াৰ বাবে হেল্প লাইন নম্বৰ আৰু ই-মেইল পববর্তী সময়ত প্রকাশ কৰা হ'ব।

  • প্রার্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।

  • প্রার্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ১৮ বছৰৰ কম আৰু ৪০ বছৰব অধিক হ'ব নালাগিব।

  • অৱসৰপ্ৰাপ্ত কর্মচাৰীৰ বাবে বয়স ২ বছৰ,

  • অ'বিচি/এমঅ'বিচি প্রার্থীৰ বাবে ৩ বছৰ,

  • এছচি/এছটি (পি) /এছটি (এইচ) প্রার্থীৰ বয়স ৫ বছৰ আৰু

  • পিডব্লিউডি শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ'ব।

  • প্রার্থীৰ দুটা সন্তানৰ অধিক থাকিব নালাগিব।

  • যিসকল প্রার্থীয়ে প্ৰাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ বাবে এটিইটি/চিটিইটি (ATET/CTET) পৰীক্ষাত উত্তীর্ণ হৈছে, তেওঁলোকেও আবেদন জনাব পাৰিব।

  • সহকাৰী শিক্ষক (LP) বাবে প্রার্থীৰ ছিনিয়ৰ ছেকেণ্ডাৰী পৰীক্ষাত কমেও ৫০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে এলিমেন্টেৰী এডুকেচনৰ দুবছৰীয়া ডিপ্ল'মা থাকিব লাগিব।

  • সহকাৰী শিক্ষক (UP) পদৰ বাবে প্রার্থী যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্রীধাৰী হ'ব লাগিব।

  • প্রার্থীসকলৰ এলিমেন্টেৰী এডুকেচনৰ দুবছৰীয়া ডিপ্ল'মা অথবা বিএড আৰু ডিএড (স্পেচিয়েল এডুকেচন) অথবা বিএড (স্পেচিয়েল এডুকেচন) ডিগ্রীধাৰী হ'ব লাগিব।

  • ছিনিয়ৰ টিচাৰ (UP) টিচাৰ পদৰ বাবে প্রার্থী কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক হ'ব লাগিব। তদুপৰি প্ৰাৰ্থীসকলৰ এলিমেণ্টেৰী এডুকেচনৰ দুবছৰীয়া ডিপ্ল'মা অথবা বিএড আৰু ডিএড (স্পেচিয়েল এডুকেচন) অথবা বিএড (স্পেচিয়েল এডুকেচন) ডিগ্রীধাৰী হ'ব লাগিব।

  • হিন্দী শিক্ষক (UP)ব প্রার্থীসকল হিন্দীত স্নাতক হোৱাৰ লগতে প্রার্থীসকলৰ এলিমেন্টেবী এডুকেচনৰ দুবছৰীয়া ডিপ্ল'মা অথবা বিএড আৰু ডিএড (স্পেচিয়েল এডুকেচন) অথবা বিএড (স্পেচিয়েল এডুকেচন) ডিগ্রীধাৰী হ'ব লাগিব।

  • ইচ্ছুক আৰু অর্হতাসম্পন্ন প্রার্থীসকলে প্রয়োজনীয় নথি -পত্রসহ আবেদন জনাব লাগিব।

  • আবেদন প্রক্রিয়া শেষ দিন ২ ফেব্রুৱাৰী।



Post a Comment

0 Comments