ad

Ticker

10/recent/ticker-posts

The Assamese language in digital media

ডিজিটেল মাধ্যমত অসমীয়া ভাষা

সাম্প্ৰতিক সময়ত ইণ্টাৰনেট সংযোগৰ যোগেদি কম্পিউটাৰ, লেপটপ, ম'বাইল ফোন আদিৰ দ্বাৰা এজন মানুহে আন এজনৰ লগত যোগাযোগ স্থাপন কৰাৰ শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে ডিজিটেল মাধ্যম। বর্তমান সময়ত ডিজিটেল মাধ্যমৰ উৎস হিচাপে ফে'চবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, ইনষ্টাগ্রাম ইত্যাদি অনেক প্রকাৰৰ ডিজিটেল মাধ্যমসমূহে অসমীয়া মানুহৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত এই মাধ্যমসমূহ কেৱল যোগাযোগৰ মাধ্যম হিচাপে নাথাকি অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বৃহত্তৰ মঞ্চলৈ পৰিগণিত হৈছে। অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত এয়া নিতান্তই শুভ লক্ষণ বুলিয়েই ক'ব লাগিব। এই মাধ্যমসমূহৰ জৰিয়তে মানুহে দেশ-বিদেশৰ নানা বা- বাতৰি বাতৰি কাকত নপঢ়াকৈয়ে ততালিকে লাভ কৰিবলৈ সক্ষম হৈছে। দেশ-বিদেশৰ বা বাতৰিৰ লগতে মনোৰঞ্জন, সাহিত্য-সংস্কৃতি, বিভিন্ন লেখকৰ লেখা, গল্প, প্রবন্ধ, কবিতা আদি অতি সহজতে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ এই আলোচনাত ডিজিটেল মাধ্যমত অসমীয়া ভাষাটোৱে কেনেদৰে সমৃদ্ধি লাভ কৰিছে, ডিজিটেল মাধ্যমত অসমীয়া ভাষাটোৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই কথা দাঙি ধৰাৰ প্ৰয়াস কৰাৰ লগতে আমাৰ কৰণীয় কিছু প্রাসংগিক কথাও দাঙি ধৰা হ'ব।

digital media

অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীবোৰেও তেওঁলোকৰ সমাজ, সাহিত্য, সংস্কৃতিৰ সমলবোৰ ইণ্টাৰনেটৰ জৰিয়তে আৰু ডিজিটেল পৃথিৱীখনত সংৰক্ষণৰ বাবে নিজা আৰু ব্যক্তিগত প্রচেষ্টাৰে কাম কৰি আছে। কিন্তু এতিয়াও আমাৰ ভাষা-সংস্কৃতি-সাহিত্যৰ বহুতো সমল বা বিষয় ডিজিটেল মাধ্যমত উপলব্ধ হ'বলৈ বাকী। ইয়াৰ মূল কাৰণ হৈছে আমাৰ ভাষাটোৰ ডিজিটেল সমল ইণ্টাৰনেটত অতি তাকৰ আৰু ডিজিটেল মাধ্যমত ভাষা, সাহিত্য, সংস্কৃতিক সমৃদ্ধ কৰিবলৈ তাৰ বাবে প্রয়োজন হোৱা তাত্ত্বিক কথাবোৰ বুজিব পৰা আৰু তাৰ বাবে কাম কৰিব পৰা মানুহৰ সংখ্যা তেনেই কম পৰিমাণৰ ।

ডিজিটেল ক্ষেত্ৰখনত ভাষাটো প্রতিষ্ঠা কৰাৰ ফলত হ'ব পৰা লাভালাভ সম্পর্কে জ্ঞান দিয়াৰ লগতে শিক্ষার্থীসকলক সজাগ আৰু সচেতন কৰি তুলিলেহে ডিজিটেলকৰণৰ ক্ষেত্ৰত ভাষাটোৰ গুৰুত্ব বাঢ়িব। উচ্চ শিক্ষাগ্ৰহণৰ সমান্তৰালভাৱে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্রতি আমি শিক্ষার্থীসকল দায়বদ্ধ হোৱা প্রয়োজনীয়। যিহেতু উচ্চ শিক্ষাগ্ৰহণ কৰিও আমি এইখন সমাজত জীয়াই থাকিব লাগিব। সমসাময়িক সমাজৰ সৈতে যদি সমাজখনৰ সামগ্রিক দিশবোৰ সক্ষম কৰি ৰাখিব নোৱাৰি, তেন্তে অন্য জাতি- সংস্কৃতিয়ে আমাৰ থলুৱা সংস্কৃতি গ্ৰাস কৰিব। স্বাভিমানী কোনো জাতিয়েই নিজৰ সংস্কৃতি ত্যাগ কৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰাৰ পক্ষপাতী নহয়। আনৰ ভাল সংস্কৃতি গ্ৰহণ কৰা যেনেদৰে প্ৰয়োজনীয় ঠিক সেইদৰে নিজৰ সমাজ- সংস্কৃতিক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সম্পর্কে আমি সজাগ হ'ব লাগিব।


ডিজিটেল মাধ্যমত অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰাৰ আগতে ডিজিটেল মাধ্যমনো কি সেই সম্পর্কে জানি ল'ব লাগিব। ডিজিটেল মাধ্যম হৈছে যোগাযোগৰ সমান্তৰালভাৱে তথ্য, জ্ঞান, মনোৰঞ্জন, বিনোদন, সাহিত্য-সমাজ-সংস্কৃতি চৰ্চাৰ জনপ্ৰিয় আৰু সহজ মাধ্যম। সেইদৰে ইণ্টাৰনেটৰ সুচল প্ৰয়োগৰ দ্বাৰা ডিজিটেল মাধ্যম হৈ পৰিছে ই-সংগ্ৰহালয় বা ই-ভঁৰালসদৃশ। সমাত্তৰালভাৱে ডিজিটেল মাধ্যমত তথ্যৰ উৎস আৰু তাৰ শ্ৰব্য, দৃশ্যৰ সংযোজনৰ ব্যৱস্থাও আছে। ই আৰু সকলো সময়তে উপলব্ধ হৈ থাকিব পৰাকৈ সক্ষম। সেইদৰে সংস্কৃতি, ভাষা এটা কিমান সমৃদ্ধ সেই কথা জনাৰ বর্তমান উপযুক্ত মাধ্যম হ'ল ডিজিটেল মাধ্যম।


ডিজিটেল মাধ্যমৰ দ্বাৰা অসমীয়া ভাষাৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ কথা ক'বলৈ লওঁতে ডিজিটেল মাধ্যমৰ উৎসসমূহৰ কথা ক'ব লাগিব। লগতে উৎসসমূহৰ ব্যৱহাৰ সম্পৰ্কেও জানিব লাগিব। ডিজিটেল মাধ্যমৰ উৎস বুলি ক'লে আমি ইণ্টাৰনেট, ম'বাইল, কম্পিউটাৰ, ইউনিকোড, কপিৰাইট, অসমীয়া কী-ব'ৰ্ড, ফনেটিক কী পেড, ইনস্ক্রীপ কী পেড, শব্দৰ ৱেবছাইটৰ'দালি, জাহ্নৱী, ৱিকিপিডিয়া, ৱিকিউৎস ব্লগ, অনলাইন, আলোচনী, ই-গ্রুপ, অসমীয়া অভিধান, ইউটিউব, অনলাইন ট্রেন্সলেটৰ, গুগল ট্রেন্সলেটৰ ইত্যাদিৰ কথা ক'ব পাৰো। অসমীয়া ভাষাটোৰ সমৃদ্ধিৰ ক্ষেত্ৰত এই উৎসসমূহে কেনেদৰে সহায় কৰিছে বা এই উৎসসমূহ প্রয়োগ কৰাৰ ফলত অসমীয়া ভাষাটোক বিশ্ব দৰবাৰত চিনাকি বা পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত কিমান সহজ হৈছে ইত্যাদি কথাবোৰৰ বিষয়ে আমি অৱগত হ'ব লাগিব।


ডিজিটেল মাধ্যমৰ অন্যতম প্রধান উৎস ইণ্টাৰনেটৰ জৰিয়তে অসমীয়া ভাষাটোৰ সমৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। কিয়নো ইণ্টাৰনেটত সম্প্ৰতি অসমীয়া ভাষাৰ যথেষ্টখিনি সমল উপলব্ধ হৈছে। ইণ্টাৰনেট হৈছে এক বিশেষ কেন্দ্রীয় ব্যৱস্থাপনাৰ দ্বাৰা কম্পিউটাৰ সংযোগী এক অত্যাধুনিক ব্যৱস্থা। বৰ্তমান ইণ্টাৰনেটত আমি অসমীয়া ভাষাৰ যিকোনো গ্রন্থ, বিভিন্ন লেখকৰ প্ৰবন্ধ, গল্প, কবিতাৰ পৰা আদি কৰি ভাষা সম্পর্কীয় বিভিন্ন প্রয়োজনীয় তথ্য আমি লাভ কৰিব পাৰো। ঠিক সেইদৰে ম'বাইল, কম্পিউটাৰৰ দ্বাৰা ইণ্টাৰনেট ব্যৱহাৰ কৰি আমি যিকোনো লেখা, কবিতা, প্রবন্ধ ইত্যাদি ফে'চবুক, ইউটিউব আদিৰ জৰিয়তে সাহিত্য চৰ্চাৰ জোৱাৰ অহাটো নিশ্চয় অসমীয়া সাহিত্যৰ বাবেও সুখৰ খবৰ বুলি ক'ব পাৰো। ঠিক সেইদৰে ইউনিক'ডৰ জৰিয়তে বহুতো ভাষাৰ লিপিৰ চিহ্নসমূহৰ লগতে গাণিতিক চিহ্নসমূহো একগোট কৰি ভার্চুৱেল পৃথিৱীত থৈ দিয়া হৈছে, যাৰ ফলত আমি টাইপ কৰিব পাৰো। অসমীয়া কী-ব'ৰ্ড ব্যৱহাৰ কৰিও আমি অসমীয়াত টাইপ কৰিব পাৰো। ঠিক সেইদৰে বৰ্তমান সময়ত শব্দৰ বিভিন্ন ৱেবছাইট আছে, যিবোৰত আমি অসমীয়া ভাষাত বিভিন্ন গল্প, কবিতা, প্রবন্ধ, সমালোচনা আদি লিখিব পাৰো, যাৰ ফলত আমাৰ ভাষাটোৱে যথেষ্ট সমৃদ্ধি লাভ কৰা দেখিবলৈ পাইছো। 

ফে'চবুকৰ দৰেই ৱিকিপিডিয়া, ৱিকিউৎস সকলোতে অসমীয়া ভাষাত লিখা-মেলাৰ সুবিধা আছে। যাৰ ফলত অসমীয়া ভাষাটোৱে ডিজিটেল মাধ্যমত সমৃদ্ধি লাভ কৰাত যথেষ্ট সহায়ক হৈছে। ডিজিটেল মাধ্যমৰ দ্বাৰা অসমীয়া ভাষাটোৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ কথা ক'বলৈ লওঁতে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণ সম্পৰ্কে অৱগত হ'ব লাগিব, তেতিয়াহে ভাষাটোৰ সমৃদ্ধি হ'ব। এইক্ষেত্ৰত প্ৰথমতে ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া ভাষাটোক সমৃদ্ধিশালী কৰিবলৈ আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব, এইক্ষেত্ৰত উচ্চ শিক্ষাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ লগতে সাহিত্যিকসকলে কেনেকুৱা পদক্ষেপ লোৱা উচিত এই সম্পৰ্কে জ্ঞানৰ প্ৰয়োজন আছে।

Digital media

বর্তমান সময়ত ডিজিটেল মাধ্যমত যদি ভাষা এটা সবল ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰি তেন্তে সেই ভাষাটো মৃত ভাষাৰ দৰে হৈ পৰিব। অসমৰ ক্ষেত্ৰত আমি যদি লক্ষ্য কৰো, তেতিয়া দেখিম যে নতুন প্ৰজন্মই ইংৰাজী, হিন্দী ভাষাৰ প্ৰতি অধিক আগ্রহী হোৱা বা গ্ৰহণ কৰাৰ মূল কাৰণটোৱেই হৈছে ডিজিটেল মাধ্যমত অসমীয়া ভাষাতকৈ ইংৰাজী বা হিন্দী ভাষাৰ প্ৰভাৱ বেছি। অসমীয়া ভাষাত বিচৰা সমল পাবলৈ নাই। গতিকে আমাৰ দায়িত্ব হৈছে আমি যিমান পাৰো অসমীয়া ভাষাৰ সমলসমূহ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰাৰ বাবে যত্ন কৰাৰ লগতে নৱপ্ৰজন্মক এই বিষয়টোৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাব লাগিব। 

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণ বুলি ক'লে আমি ক'ব পাৰো যে বর্তমান সময়ত ৱিকিপিডিয়া, ৱিকিউৎস আদিত লিখাৰ লগতে বিষয় এটা আপলোড কৰি অসমীয়া ভাষাৰ সমল ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিব পাৰি। ভাষা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অসমীয়াৰ সংগ্ৰাম অব্যাহত আছে। 

খ্রীষ্টিয় ষষ্ঠ-সপ্তম শতিকাৰ পৰা প্ৰচলিত এই অসমীয়া ভাষাক একবিংশ শতিকাতো বহুতে চিনি নাপায়। সকলোৱে ইয়াক বাংলাৰ সৈতে একাকাৰ কৰে। যি সময়ত অসমীয়া সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে, তেনে সময়ত বিশ্বৰ সেই মঞ্চবোৰত অসমীয়াৰ অস্তিত্ব জীয়াই ৰাখিবলৈ অসমীয়াভাষীয়ে অহৰহ চেষ্টা কৰি থাকিবলগা হৈছে। এয়া মূলতঃ অতি দুখৰ কথা। গতিকে অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত অধিক সমৃদ্ধিশালী কৰি তুলিবলৈ হ'লে আমি ইউনিকোড কি আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পর্কে সকলোকে অৱগত কৰাব লাগিব। 

ইউনিকোড হৈছে এনে এটা আন্তঃৰাষ্ট্ৰীয় উমৈহতীয়া কাৰিকৰী লিপি যাৰ জৰিয়তে হেজাৰটা ভাষাৰ লিপিৰ চিহ্নসমূহৰ লগতে গাণিতিক চিহ্নসমূহো একগোট কৰি ভার্চুৱেল পৃথিৱীত থৈ দিয়া হৈছে, যাৰ ফলত আমি টাইপ কৰিব পাৰো। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়াও অসমীয়াৰ স্বতন্ত্র অন্তর্ভুক্তি সম্ভৱ হোৱাগৈ নাই। এনে হোৱাৰ কাৰণ হৈছে অসমীয়াৰ মাজত শুদ্ধ জাতীয়তাবাদৰ অভাৱ। অৱশ্যে এনে হোৱাৰ আৰু এটা শক্তিশালী কাৰক আছিল কম্পিউটাৰ অভিযান্ত্রিক শাখাত অসমীয়াভাষী অভিযন্তাৰ অভাৱ বা গুৰুত্বপূৰ্ণ পদবীত অসমীয়াৰ হৈ এইক্ষেত্ৰত চিন্তা কৰিব পৰা লোকৰ অভাৱ। কিন্তু বৰ্তমান সময়ত অসমীয়া জাতীয় সত্তা যথেষ্ট । জাগ্ৰত আৰু অসমীয়াভাষী কৰ্মী লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। 

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ কথা ক'বলৈ গ'লে আজিৰ পৰা প্ৰায় দুই দশকৰ আগতেই ইণ্টাৰনেট বিপ্লৱে বিভিন্ন প্ৰান্তত সূচনা কৰা নতুন সম্ভাৱনাই শেহতীয়াকৈ হ'লেও অসমৰ প্ৰচাৰ মাধ্যমৰো পৰিভাষা সলনি কৰিছে। ভাষাৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমে লেখক আৰু পঢ়ুৱৈৰ মাজৰ পৰস্পৰ সংযোগ অধিক দৃঢ় কৰি তোলে। আগতে ছপাৰ প্ৰকাশনে অযোগ্য বুলি ভবা বহু কিতাপেই অনলাইনত স্থান পাইছে আৰু পুৰণি পাণ্ডুলিপিৰ পুনৰুজ্জীৱন হৈ মূলসুঁতিলৈ ওলাই আহিছে।

Digital media

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমৃদ্ধি তথা সম্ভাৱনাৰ ক্ষেত্ৰত বহুতো ইতিবাচক দিশ আছে যদিও তাৰ কিছুমান নেতিবাচক দিশো আমি বিচাৰ কৰিলে দেখিবলৈ পাওঁ। যিদৰে প্ৰতিটো বস্তুৰে ভাল-বেয়া দুটা দিশ থাকে, ঠিক তেনেকৈ ভাষাৰ ক্ষেত্ৰত "ডিজিটেল মাধ্যম" প্ৰয়োগ কৰাটো এনে নেতিবাচক দিশ কিছুমান থাকিব পাৰে। সি যি কি নহওক, আমি ইয়াৰ মাজৰ পৰা ভাল বা ইতিবাচক দিশসমূহ গ্রহণ কৰাটো আমাৰ দায়িত্ব বুলিয়েই ক'ব পাৰো । 

Post a Comment

0 Comments