ad

Ticker

10/recent/ticker-posts

10 Investment rules in the stock market and IPO 2023

stock market

IPO
'ৰ সম্পূৰ্ণ অৰ্থটো হৈছে ইনিচিয়েল পাব্লিক অফাৰিং। অসমীয়াত ইয়াক ক’ব পাৰি প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ বুলি। ই এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিগত কোম্পানী এটাই নিজৰ শ্বেয়াৰৰ এটা অংশ বিনিয়োগকাৰীক বিক্ৰী কৰি ৰাজহুৱা কোম্পানীলৈ ৰূপান্তৰিত হয়। IPO'ৰ শ্বেয়াৰসমূহৰ লেনদেন বা ব্যৱসায় প্ৰথমে প্ৰাইমাৰী বা প্রাথমিক বজাৰত কৰা হয়। ব্যক্তিগত কোম্পানীসমূহে নিজৰ ব্যৱসায়িক মূলধন সংগ্ৰহৰ বাবে IPO প্ৰক্ৰিয়াৰ জৰিয়তে বিনিয়োগকাৰীক নিজৰ শ্বেয়াৰ বিক্ৰী কৰে। IPO'ৰ শ্বেয়াৰ বিনিয়োগকাৰীক বিতৰণ কৰাৰ পাছত ছেকেণ্ডাৰী বা গৌণ বজাৰত ব্যৱসায় কৰা হয় ৷

শ্বেয়াৰ বজাৰ বুলি ক'লেই আমি সচৰাচৰ শুনিবলৈ পোৱা এটা শব্দ হ'ল IPO'। এই আইপিঅ' দৰাচলতে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিগত কোম্পানী এটাক ৰাজহুৱা কোম্পানীলৈ ৰূপান্তৰিত কৰা হয়। IPO' প্রক্রিয়াই বিনিয়োগকাৰীৰ বাবে এক নিৰাপদ বিনিয়োগৰ সুযোগ সৃষ্টি কৰে ৷

IPO'ৰ সম্পূৰ্ণ অৰ্থটো হৈছে ইনিচিয়েল পাব্লিক অফাৰিং। অসমীয়াত ইয়াক ক'ব পাৰি প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ বুলি। ই এনে এক প্রক্রিয়া যাৰ দ্বাৰা ব্যক্তিগত কোম্পানী এটাই নিজৰ শ্বেয়াৰৰ এটা অংশ বিনিয়োগকাৰীক বিক্ৰী কৰি ৰাজহুৱা কোম্পানীলৈ ৰূপান্তৰিত হয়। আইপিঅ'ৰ শ্বেয়াৰসমূহৰ লেনদেন বা ব্যৱসায় প্রথমে প্ৰাইমাৰী বা প্রাথমিক বজাৰত কৰা হয়। ব্যক্তিগত কোম্পানীসমূহে নিজৰ ব্যৱসায়িক “মূলধন সংগ্ৰহৰ বাবে আইপিঅ' প্ৰক্ৰিয়াৰ জৰিয়তে বিনিয়োগকাৰীক নিজৰ শ্বেয়াৰ বিক্ৰী কৰে। আইপিঅ'ৰ শ্বেয়াৰ বিনিয়োগকাৰীক বিতৰণ কৰাৰ পাছত ছেকেণ্ডাৰী বা গৌণ বজাৰত ব্যৱসায় কৰা হয়।

IPO ত বিনিয়োগ কৰাৰ আগতে প্ৰাথমিক আৰু গৌণ বজাৰৰ ধাৰণা স্পষ্ট কৰাটো বিনিয়োগকাৰী এজনৰ বাবে অত্যন্ত জৰুৰী। প্রাথমিক বজাৰত কোম্পানীসমূহে আইপিঅ'ৰ দৰে নতুন ষ্টক বিক্ৰী কৰে। ইয়াত বিনিয়োগকাৰীয়ে কোম্পানীটোলৈ অৰিহণা যোগায়, আৰু কোম্পানীটোৰ ইকুইটি কেপিটেল প্রাথমিক বজাৰত ষ্টক বিক্ৰী কৰি সংগ্ৰহ কৰা ধনৰ দ্বাৰা সৃষ্টি হয়। ব্যক্তিগত প্লেচমেণ্ট আৰু পছন্দৰ আবণ্টন আন দুটা উপায় যাৰ দ্বাৰা আইপিঅ'ৰ পাছত প্রাথমিক বজাৰত ষ্টক বিক্ৰী কৰিব পাৰি। ব্যক্তিগত প্লেচমেণ্টত কোম্পানীয়ে বেংক, হেজ ফাণ্ডৰ দৰে গুৰুত্বপূৰ্ণ বিনিয়োগকাৰীক
ষ্টক আগবঢ়াব পাৰে। শ্বেয়াৰসমূহ সাধাৰণ জনতাৰ বাবে উপলব্ধ নকৰাকৈয়ে এই কাম কৰিব পাৰি। অগ্ৰাধিকাৰ আবণ্টনৰ ক্ষেত্ৰত কোম্পানীয়ে বজাৰত উপলব্ধ নোহোৱা বিনিয়োগকাৰীক শ্বেয়াৰ বিক্ৰী কৰিব পাৰে। আনহাতে, গৌণ বজাৰখনক সাধাৰণতে ষ্টক এক্সচেঞ্জ বুলি জনা যায়। ইয়াতেই প্রাথমিক বজাৰত আবণ্টিত ষ্টক পুনৰ বিক্ৰী কৰা হয়। গৌণ বজাৰত বিনিয়োগকাৰীয়ে নিজৰ মাজতে ব্যৱসায় কৰে।

IPO শ্বেয়াৰৰ বাবে কেনেকৈ আবেদন কৰিব?

IPO শ্বেয়াৰৰ বাবে আবেদন কৰিবলৈ হ'লে মানি চলিবলগীয়া কিছুমান নিয়ম আছে। সেইবোৰ হ'ল-

BO একাউন্ট খোলা

আইপিঅ'ৰ বাবে আবেদন কৰিবলৈ প্রথমে পঞ্জীয়নভুক্ত ব্ৰোকাৰেজ হাউছ বা দালালি সংস্থাৰ সহায়ত এটা বি অ' একাউণ্ট খুলিব লাগিব ।

গৌণ বজাৰত বিনিয়োগ

আইপিঅ'ৰ বাবে আবেদন কৰিবলৈ হ'লে বি অ' একাউন্ট খোলাৰ পাছত প্ৰথম যিটো প্রাথমিক চৰ্ত, সেইটো হৈছে বিনিয়োগৰ চৰ্ত। ছেকেণ্ডাৰী বা গৌণ বজাৰত ২০ হেজাৰ টকাৰ বিনিয়োগ থাকিবই লাগিব। প্ৰতিটো আইপিঅ' শ্বেয়াৰৰ আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাঁচটা কৰ্মদিনৰ আগতে এটা কাট অফ তাৰিখ নিৰ্ধাৰণ কৰা হয়। যদি সেই নির্দিষ্ট তাৰিখত আপোনাৰ বি অ' একাউণ্টত থকা মেচিঅ'ৰ শ্বেয়াৰৰ বজাৰ মূল্য কমেও ২০ হেজাৰ টকা হয় তেন্তে আপুনি আইপিঅ'ৰ বাবে আবেদন কৰিব পাৰে। কাট অফ ডেটৰ পাছত আপুনি ইচ্ছা কৰিলে তেনে শ্বেয়াৰ বিক্ৰী কৰিবও পাৰে। সেয়ে শ্বেয়াৰ এটা কিমান দিনৰ ভিতৰত মেচিঅ'ৰ বা পূৰঠ হয় তাক জানি বা অনুমান কৰি লৈ ২০ হেজাৰ টকাতকৈ অলপ বেছি মূল্যৰ শ্বেয়াৰ কিনিব লাগে যাতে কেনো কাৰণত শ্বেয়াৰৰ দাম কমিলেও আইপিঅ'ৰ বাবে আবেদন কৰাত কোনো সমস্যা নাথাকে।

আবেদন পত্ৰ পূৰণ কৰি ধন জমা

ওপৰৰ চৰ্তখিনি পূৰ্ণ কৰাৰ পাছত ব্রোকারেজ হাউছে নিৰ্ধাৰণ কৰা আইপিঅ'ৰ আবেদন পত্ৰ পূৰণ কৰিব লাগিব। যদি আপুনি বিচাৰে তেন্তে ব্রোকারেজ হাউছেই আপোনাৰ হৈ আইপিঅ'ৰ বাবে আবেদন কৰি দিব পাৰে। আপুনি আইপিঅ'ৰ বাবে আবেদন কৰা ধনৰাশি আপোনাৰ বিজ একাউন্টত থাকিব লাগে। এইখিনিতে এটা চৰ্ত আছে, যিমান পৰিমাণৰ টকাৰ বাবে আইপিঅ' আবেদন কৰিব বিচাৰে সেই টকা কিন্তু আপোনাৰ বি অ' একাউন্টত থাকিবই লাগিব। সাধাৰণ বিনিয়োগকাৰী এজনে ১০,২০,৩০, ৪০ বা সর্বোচ্চ ৫০ হেজাৰ টকাৰ আইপিঅ'ৰ বাবে আবেদন কৰিব পাৰে।

IPO'ৰ শ্বেয়াৰ বিতৰণ

আইপিঅ'ৰ শ্বেয়াৰ এতিয়া আগৰ দৰে লটাৰীৰ জৰিয়তে বিতৰণ কৰা নহয় । এতিয়া যিসকলে আইপিঅ'ৰ বাবে আৱেদন কৰিব সকলোৱে কিছুসংখ্যক শ্বেয়াৰ পাবই। কোম্পানী এটাই বজাৰত কিমানটা শ্বেয়াৰ মুকলি কৰিছে আৰু বিনিয়োগকাৰীয়ে কিমানৰ আৱেদন কৰিছে তাৰ অনুপাতৰ ওপৰত ভিত্তি কৰি আইপিঅ' ৰ শ্বেয়াৰ বিতৰণ কৰা হয়। গতিকে এনেক্ষেত্ৰত আপুনি যিমান শ্বেয়াৰৰ বাবে আবেদন করে তাৰ অনুপাতে শ্বেয়াৰ পাব আৰু যিমানেই বেছি শ্বেয়াৰৰ বাবে আবেদন কৰিব সিমানেই বেছি শ্বেয়াৰ পাব। অর্থাৎ ১০ হেজাৰ টকাৰ শ্বেয়াৰৰ বাবে আৱেদন কৰি যদি আপুনি ১০০ টা শ্বেয়াৰ পায়, তেন্তে ৫০ হেজাৰ টিকাৰ শ্বেয়াৰৰ বাবে আবেদন কৰিলে ৫০০টা শ্বেয়াৰ পাব।

IPO শ্বেয়াৰৰ বিতৰণ কোটা

প্রতিষ্ঠানিক বিনিয়োগকাৰী—৪০ শতাংশ। সাধাৰণ বিনিয়োগকাৰী- - ৪০ শতাংশ। ক্ষতিগ্রস্ত বিনিয়োগকাৰী- - ১০ শতাংশ। প্রবাসী বিনিয়োগকাৰী — ১০ শতাংশ। অর্থাৎ যদি কোনো কোম্পানীয়ে ১০০টা শ্বেয়াৰ জাৰি কৰে তেন্তে প্রতিষ্ঠানিক বিনিয়োগকাৰীক ৪০টা, সাধাৰণ বিনিয়োগকাৰীক ৪০টা, ক্ষতিগ্ৰস্ত বিনিয়োগকাৰীক ১০টা আৰু প্ৰৱাসী বিনিয়োগকাৰীক ১০টা শ্বেয়াৰ বিতৰণ কৰা হয়

সপ্তাহটোৰ নতুন IPO: বিশ্ব বজাৰৰ লগত খোজ মিলাই এই সপ্তাহতো শ্বেয়াৰ বজাৰত কেবাটাও সংস্থাই নিজ নিজ আইপিঅ' মুকলি কৰিছে। যদি আপুনিও আইপিঅ'ত ধন বিনিয়োগ কৰিম বুলি ভাবিছে, তেন্তে এই সপ্তাহত শ্বেয়াৰ বজাৰত নতুনকৈ আইপিঅ' মুকলি কৰা তিনিটা অগ্রণী সংস্থাৰ বিষয়ে জানি থওক.

১) স্মল বিজনেছ ফিন ক্রেডিট (এছ বি এফ চি) ফাইনেন্স :

নন-বেংকিং শ্ৰেণীৰ জনপ্ৰিয় ঋণদাতা সংস্থা এছবি একটি ফাইনেন্সৰ আইপিঅ যোৱা তিনি আগষ্টত মুকলি কৰা হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰত । বিনিয়োগকাৰীসকলে যদি এই সংস্থাৰ শ্বেয়াৰ

ক্ৰয় কৰিব খোজে তেন্তে কাইলৈৰ ভিতৰতে এই কাম কৰিব লাগিব। এছবি একচি ফাইনেন্সৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য ৫৪-৫৭ টকা আৰু বিনিয়োগকাৰীয়ে ন্যূনতম ২৬০ টা শ্বেয়াৰৰ বাবে নিবিদা দিব পাৰিব। এই সংস্থাৰ আইপিঅ'ত ৬০০ কোটি টকাৰ ইকুইটি শ্বেয়াৰ নতুনকৈ জাৰি কৰা হৈছে। প্রতি ইকুইটি শ্বেয়াৰৰ ১০ টকাৰ মূল্যসহ মুঠ ৪২৫ কোটি টকাৰ খেয়াৰ বিক্ৰীৰ প্ৰস্তাৱ দিয়া হৈছে।

Concord biotech


এই ভাৰতীয় জৈৱ প্ৰযুক্তি কোম্পানীটোৰ আইপিঅ' যোবা চাৰি আগষ্টত ছাবস্ক্রিপছনৰ বাবে মুকলি কৰা হৈছে। অহা আঠ আগষ্টলৈকে বিনিয়োগকাৰীসকলে কোম্পানীটোৰ শ্বেয়াৰ জয় কৰিব পাৰিব। কনকর্ড বায় টেক আইপিঅ'ৰ মূল্য ৭০৫ টকাৰ পৰা ৭৪১ টকালৈ নিৰ্ধাৰণ কৰা হৈছে। আইপিঅ'ৰ লট আকাৰ হৈছে ২০টা ইকুইটি শ্বেয়াৰ। তাৰ পাছত বিনিয়োগকাৰীয়ে ২০টা ইকুইটি শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰিব। কনকর্ড বায় টেকৰ শ্বেয়াৰৰ জিএমপি হৈছে ২৬০ টকা

ইউডিজ ছলিউচন :

শ্বেয়াৰ বজাৰত যোৱা শুকুৰবাৰে মুকলি হৈছে ইউডিজ হলিউছন নামৰ সংস্থাটোৰ আইপিঅ'। অহা আঠ আগষ্টলৈ ইচ্ছুক বিনিয়োগকাৰীয়ে এই কোম্পানীৰ প্ৰাৰম্ভিক শ্বেয়াৰ ক্ৰয় কৰিব পাৰিব। মূলতঃ ব্লকচেইন, এআই আৰু গেমিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই প্রযুক্তি কোম্পানীটোৱে আইপিঅ' ৰ জৰিয়তে ৪৪.৮৪ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে। ইয়াৰ ৰাজহুৱা ইস্যু প্রাইচ বেগু ১৬২ টকাৰ পৰা ১৬৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে বজাৰত এজন বিনিয়োগকাৰীয়ে সদাহতে কোম্পানীটোৰ ন্যূনতম ৮০০ টা শ্বেয়াৰ ক্ৰয়ৰ বাবে নিবিদা দিব পাৰিব।


শ্বেয়াৰ বজাৰত বিনিয়োগ
stock market


শ্বেয়াৰ বজাৰৰ লগত জড়িত বিভিন্ন শব্দ যেনে ষ্টক, মার্কেট কেপিটেলাইজেছন, ব্লু চিপ ষ্টক, স্প্রেড, অস্থিৰতা, সম্পত্তি আবণ্টন, কমন ষ্টক, বিড প্রাইচ, ডিভিডেণ্ড ইয়েল্ড আদিৰ বিষয়ে বেছিভাগ বিনিয়োগকাৰীয়ে কম বেছি পৰিমাণে জানেই। কিন্তু এইবোৰৰ বাহিৰেও আন কিছুমান শব্দ আছে যিবোৰৰ বিষয়ে জানিলে বজাৰত বিনিয়োগ কৰাটো সহজ হৈ পৰে। এই শব্দবোৰৰ অৰ্থ ভালদৰে বুজিলেহে হাতলৈ সহজে টকা আহিব|

এভাৰেজিং ডাউন : 'এভাবেজিং ডাউন' আচলতে একপ্ৰকাৰৰ বিনিয়োগ কৌশল। এই প্রক্রিয়াত কোনো ষ্টকত বিনিয়োগ কৰাৰ পাছত যদি সেই ষ্টকৰ মূল্য কমি যায়, তেন্তে সেই কম মূল্যত বিনিয়োগকাৰীজনে তেনে ষ্টক আৰু কেইটামান কিনি লয়। ফলত প্ৰতি শ্বেয়াৰত বিনিয়োগৰ পৰিমাণ কমি যায় আৰু সেই শ্বেয়াৰৰ মূল্য সামান্য বৃদ্ধি হ'লেও বিনিয়োগকাৰীয়ে লাভৱান হ'ব পাৰে। উদাহৰণস্বৰূপে, ধৰা হ'ল জুনত এজন বিনিয়োগকাৰীয়ে ক' নামৰ কোম্পানীটোৰ ১০ টা শ্বেয়াৰ প্রতিটোতে ১০০ টকাকৈ মুঠ ১০০০ টকাত ক্ৰয় কৰিছিল। কিন্তু জুলাইৰ আৰম্ভণিতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৫০ শতাংশ কমি যায় আৰু একোটা শেয়াৰৰ দাম হয়গৈ ৫০ টকা । ইয়াৰ পাছত যদি বিনিয়োগকাৰীজনে উক্ত কোম্পানীটোৰ আৰু ২০টা শ্বেয়াৰ ক্ৰয় কৰে তেন্তে তেওঁৰ খৰচ পৰিব ৫০x২০= ১০০০ টকা। অর্থাৎ বিনিয়োগকাৰীজনে মুঠ ২০০০ টকা বিনিয়োগ কৰি কোম্পানীটোৰ মুঠ ৩০টা শ্বেয়াৰৰ গৰাকী হ'ব। এনে কৰাৰ ফলত তেওঁৰ হাতত থকা প্ৰতিটো শ্বেয়াৰৰ মূল্য হ'ব ২০০০+৩০= ৬৬ টকা ৬৬ পইচা। এই পদ্ধতিটোকে এভাৰেজিং ডাউন বোলা হয়।

বিয়েৰ মাৰ্কেট

বিয়েৰ মার্কেটে শেয়াৰ বজাৰৰ এক বিশেষ অৱস্থাক বুজায়। বজাৰখন পতনৰ সম্ভাৱনা থকা সময়ছোৱাক বিয়েৰ বজাৰ বোলা হয়। এই সময়ত পৰাপক্ষত কোনো। ষ্টকতে বিনিয়োগ নকৰে বিনিয়োগকাৰীয়ে। কাৰণ বজাৰৰ পতন মানেই বিনিয়োগকাৰীৰ লোকচান। কিন্তু, কিছু সংখ্যক বিশেষজ্ঞসকলৰ মতে, এই সময়ত নতুন বিনিয়োগ নকৰিলেও এছআইপি বন্ধ কৰা উচিত নহয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ ইতিহাস চালে দেখা যায় বিয়েৰ মাৰ্কেটৰ সূচনা হ'লে ছেনছেক্স আৰু নিটীৰ দৰে সূচকাংকৰ ২০ শতাংশ বা তাতকৈ অধিক পর্যন্ত পতন হয়।

বুল মার্কেট

stock market


বুল মাৰ্কেটো শ্বেয়াৰ বজাৰৰ এক বিশেষ অৱস্থা। কিন্তু ই বিয়েৰ মাৰ্কেটৰ সম্পূৰ্ণ বিপৰীত। যি সময়ত বজাৰৰ মূল্য কম হয় আৰু বজাৰ বৃদ্ধিৰ সম্ভাৱনা থাকে, সেই সময়ছোৱাক বুল মার্কেট বোলা হয়। শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে এই বুল মার্কেটৰ সময়কে বিনিয়োগৰ বাবে আটাইতকৈ উত্তম সময় বুলি বিবেচনা কৰে। এই সময়ত বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে বহুত বেছি লাভ অৰ্জন কৰিব পাৰে। বাইবেক যেতিয়া কোনো এটা কোম্পানীয়ে শ্বেয়াৰ বজাৰত মুকলি কৰি দিয়া সৰ্বমুঠ শ্বেয়াৰৰ সংখ্যা হ্ৰাস কৰিব বিচাৰে, তেনে পৰিস্থিতিত কোম্পানীটোৱে বিনিয়োগকাৰীৰ হাতত থকা শ্বেয়াৰ ক্ৰয় কৰে আৰু সেই উপায়েৰে বজাৰত থকা শ্বেয়াৰৰ সংখ্যা হ্রাস কৰে। এই প্ৰক্ৰিয়াকে বাইবেক বুলি কয়। যেতিয়া কোনো কোম্পানীয়ে বাইবেক কৰে তেতিয়া সেই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য সাধাৰণতে বহু গুণে বৃদ্ধি পায়।

ৰুপি-কষ্ট এভাৰেজিং

এভাৰেজিং ডাউনৰ দৰেই ৰুপি-কষ্ট এভাৰেজিং হৈছে একপ্ৰকাৰৰ বিনিয়োগ কৌশল । ইয়াক ডলাৰ-কষ্ট এভাৰেজিং বুলিও জনা যায়। এই প্রক্রিয়াত বিনিয়োগকাৰীয়ে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট পৰিমাণৰ ষ্টক ক্ৰয় কৰে, এই প্ৰক্ৰিয়া ঠিক এছআইপিৰ দৰেই।

এক্সচেঞ্জ ট্রেডেড ফাণ্ড বা ইটিএফ

এক্সচেঞ্জ ট্রেডেড ফাণ্ড বা ইটিএফ হৈছে আচলতে কেবাটাও ষ্টক বা বণ্ডৰ দ্বাৰা গঠিত এক বিশেষ ধৰণৰ ফাণ্ড বা পুঁজি। এই ইটিএফসমূহ প্ৰধান আৰু ডাঙৰ ডাঙৰ ষ্টক এক্সচেঞ্জসমূহত জাৰি কৰা হয়। ইটিএফৰ বৈশিষ্ট্যসমূহ প্রায় মিউচুৱেল ফাণ্ডৰ দৰেই।

IPO

যেতিয়া কোনো ব্যক্তিগত কোম্পানীয়ে নিজৰ ষ্টক সাধাৰণ জনতাই কিনিব পৰাকৈ শ্বেয়াৰ বজাৰত মুকলি কৰে, তাক IPO বা প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ বুলি কোৱা হয় ।

লিকুইডিটি বা তাৰল্য:

নগদ ধনক সাধাৰণতে সম্পত্তিৰ ভিতৰত আটাইতকৈ লিকুইড বুলি ধৰা হয়। বিপৰীতে, ষ্টক বা ৰিয়েল এষ্টেট নগদ ধনতকৈ কম লিকুইড। কাৰণ বিক্রেতাই এই ধৰণৰ সম্পত্তি বিক্ৰী কৰি সৰ্বোচ্চ মূল্য পাবলৈ অপেক্ষা কৰিবলগীয়া হয়। শ্বেয়াৰ বজাৰৰ ক্ষেত্ৰত মূল্য সলনি নকৰাকৈ কিমান সোনকালে এটা ষ্টক কিনা বা বিক্ৰী কৰিব পাৰি তাক লিকুইডিটি বোলা হয় ।

শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ডিমেট একাউন্ট কিদৰে খুলিব?


উপাৰ্জনৰ কিছু পৰিমাণৰ অৰ্থ প্রত্যেকেই সঞ্চয় কৰে। কোনোবাই যদি বেংক বা ডাকঘৰত, আন কোনোবাই বর্তমানে বজাৰত চলি থকা বিভিন্ন বিনিয়োগ আঁচনিৰ নামত ধন খটুৱায়। এই প্রচলিত বিনিয়োগ রিকল্পসমূহৰ লগতে বহুতেই এতিয়া শ্বেয়াৰ বজাৰতো বিনিয়োগৰ বাবে ঢাল খাইছে। সামান্য বিপদাশংকা থাকিলেও শ্বেয়াৰ বজাৰত সাৱধানে চাই-চিতি খোজ দিলে কম সময়ৰ ভিতৰতে যে ভাল ৰিটাৰ্ণ ঘূৰাই পোৱাটো সম্ভৱ তাক বুজি উঠিছে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলে। আপুনিও যদি শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে আগ্ৰহী হৈ পৰিছে তেন্তে প্রথমেই আপোনাক প্রয়োজন হ'ব এই বজাৰখনৰ বিষয়ে সম্যক জ্ঞান থকাৰ। বজাৰখনক বুজাৰ বাবে আগ্রহো লাগিব প্ৰচুৰ। লগতে অন্য আঁচনিত বিনিয়োগ কৰা আৰু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ মাজত থকা পাৰ্থক্যৰ বিষয়েও ধাৰণা থকাৰ প্ৰয়োজন হ'ব। অন্যথা, শ্বেয়াৰ বজাৰৰ গতিবিধি বুজি পোৱা বৰ সহজ কাম নহয়। কোনটো ষ্টকে ভাল কৰি আছে, কোনটোৱে ভাল ৰিটাৰ্ণ প্ৰদান কৰিছে ইত্যাদিৰ বিষয়ে আগৰে পৰা আগ্ৰহ আৰু জ্ঞান থাকিব লাগিব। যদি এই গোটেই বিষয়সমূহ সঠিকভাৱে জনা যায়, তেতিয়াহে শ্বেয়াৰ বজাৰত সঠিকভাৱে বিনিয়োগ কৰিব পাৰিব আৰু আৰ্থিকভাবে কম দিনৰ ভিতৰতে লাভান্বিত হ'ব পাৰিব। আপুনি নিজেই অনলাইন বা অফলাইনযোগে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে।

কেনেকৈ কৰিব আৰম্ভণি ?

শ্বেয়াৰ বজাৰত সাফল্য পাবলৈ বিনিয়োগকাৰী এজনক যি দুটা গুণৰ সবাতোকৈ দৰকাৰ এই দুটা হ'ল সাধনা আৰু অধ্যৱসায়। এই বজাৰখনক এনে এক ব্যৱসায় হিচাপে ধৰিব পাৰি য'ত আপোনাক মাত্ৰ প্ৰয়োজন মূলধনৰহে। আন্তঃগাঁথনি, কৰ্মচাৰী বা বিজুলী আদিৰ নামত এটকাও খৰচ নাই। ঘৰতে বহি চলাব পৰা এই ব্যৱসায়ত সঁজুলি বুলিবলৈকো লাগে মাত্র এটা কম্পিউটাৰ নাইবা স্মার্টফোন। ইন্টাৰনেটৰ সংযোগ থকাটো অৱশ্যে নিতান্তই জৰুৰী। এই সাধাৰণ আহিলাকেইপদ থাকিলেই আপুনি শ্বেয়াৰ বজাৰত মনোনিৱেশ কৰি ধন ঘটিব পাৰে ।

ডিমেট একাউন্ট কি ?

কোম্পানীৰ শ্বেয়াৰ কিনা-বেচা কৰিবৰ বাবে আপোনাক প্রথমেই যিটো বস্তুৰ দৰকাৰ হ'ব সেইটো হৈছে ডিমেট একাউন্ট বা ট্রেডিং একাউন্টইয়াৰ সম্পূৰ্ণ নামটো হৈছে ডিমেটেৰিয়েলাইজড একাউন্ট। যাৰ অৰ্থ হৈছে কাগজী তথ্য ডিজিটেল ৰূপত সংৰক্ষণ কৰা। বেংকত ধন জমা কৰিবলৈ যিদৰে আমাক এটা জমা একাউন্ট লাগে, ঠিক তেনেদৰে শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবেও ডিমেট একাউন্ট থকাটো বাঞ্ছনীয়। বিনিয়োগকাৰীয়ে ক্ৰয় কৰা শ্বেয়াৰসমূহ এই ডিমেট একাউণ্টতে জমা হয়। যেতিয়া আপুনি কোনো শ্বেয়াৰ কিনে তেতিয়া সেইবোৰ আপোনাৰ ডিমেট একাউণ্টলৈ স্থানান্তৰ হৈ ইলেক্ট্ৰনিক ৰূপত সংৰক্ষিত হয়। ই বিনিয়োগকাৰীৰ সুৰক্ষা আৰু আত্মবিশ্বাস দীর্ঘ সময়ৰ বাবে নিশ্চিত কৰে ।

ডিমেট একাউণ্ট পৰিচালনা কৰে দুটা চৰকাৰী সংস্থাই। সেই দুটা হৈছে চেণ্ট্ৰেল ডিপ'জিটৰী ছাৰ্ভিচেজ লিমিটেড চমুকৈ চিডিএছএল আৰু নেছনেল ছিকিউৰিটীজ ডিপ'জিটী লিমিটেড বা এনএছডিএল। আপুনি যদি ডিমেট একাউন্ট খুলে তেন্তে আপোনাৰ তথ্য ইয়াৰে যিকোনো এটাত নথিভুক্ত হ'ব। এই একাউন্ট নিজে ঘৰতে বহি ম'বাইল ফোনৰ দ্বাৰাও খুলিব পাৰে। আজিকালি কেতবোৰ বেংকেও এই সুবিধা প্রদান কৰে। কিন্তু বেংকে গ্ৰাহকৰ পৰা এই একাউন্ট চোৱা-চিতা কৰাৰ বাবদ অতিৰিক্ত মাচুল লয়। বেছিভাগ বেংকে দালাল (third person) সংস্থাৰ জৰিয়তে ডিমেট একাউন্টৰ পৰিচালনা কৰে বাবে এই মাচুল বেছি হয়। এই ধৰণৰ বেংক তথা দালাল সংস্থাসমূহে গ্ৰাহকৰ ডিমেট একাউন্ট,পৰিচালনা কৰা আৰু শ্বেয়াৰ কিনা বেচা কৰাৰ বাবদ ১১ পৰা পাঁচ শতাংশ পর্যন্ত কমিছন লয়। সেয়েহে ডিমেট একাউন্ট খোলাৰ সময়তে বিনিয়োগকাৰী এজনে কমিছনৰ পৰিমাণ কিমান সেইটো ভালকৈ সুধি-পুছি ল'ব লাগে।

ডিমেট একাউন্ট খোলাৰ বাবে প্ৰয়োজনীয় নথি :

ক) বেংক একাউণ্ট খ) পেনকার্ড
গ) আধাৰ কাৰ্ড

ডিমেট একাউন্ট খোলাৰ বাবে তলত কেইটামান জনপ্রিয় দালাল সংস্থা(Third party apps)ৰ নাম দিয়া হৈছে-

ক) জিৰোধা খ) আপষ্টক্স গ) পেটিএম মানি ঘ) গ্রো Conclusion: ডিমেট একাউন্ট খোলাৰ পাছত ভাল কোম্পানীৰ শ্বেয়াৰ দীৰ্ঘদিনৰ বাবে কিনি ৰাখিব পাৰিলে সাধাৰণতে লোকচান ভৰাৰ আশংকা নাথাকে। অৱশ্যে শ্বেয়াৰ বজাৰত ভাল ৰিটাৰ্ণ বা লাভ দিব পৰা কোম্পানী কোনটো সেইটো তেতিয়াহে জানিব পাৰিব যেতিয়া আপুনি এক-দুই বছৰ বিনিয়োগ কৰি শ্বেয়াৰ বজাৰৰ জ্ঞান আয়ত্ত কৰিব পাৰে। ভালদৰে ট্রেডিং শিকি ল'ব পাৰিলে ৩০-৫০ হেজাৰৰ মূলধন খটুওৱা বিনিয়োগকাৰী এজনে দৈনিক পাঁচ হেজাৰৰ পৰা ১০ হেজাৰ টকালৈ লাভ উঠাব পাৰে। কোনোবাই যদি বেংক বা ডাকঘৰত, আন কোনোবাই বর্তমানে বজাৰত চলি থকা বিভিন্ন বিনিয়োগ আঁচনিৰ নামত ধন খটুৱায়। এই প্রচলিত বিনিয়োগ বিকল্পসমূহৰ লগতে বহুতেই এতিয়া শ্বেয়াৰ বজাৰতো বিনিয়োগৰ বাবে ঢাল খাইছে। সামান্য বিপদাশংকা থাকিলেও শ্বেয়াৰ বজাৰত সাৱধানে চাই-চিতি খোজ দিলে কম সময়ৰ ভিতৰতে যে ভাল ৰিটাৰ্ণ ঘুৰাই পোৱাটো সম্ভৱ তাক বুজি উঠিছে নতুন প্ৰজন্মৰ বিনিয়োগকাৰীসকলে ।

NOTE: এই ব্যৱসায়ত আৰ্থিক বিপদ জড়িত হৈ আছে, অনুগ্ৰহ কৰি দায়িত্বশীলভাৱে বিনিয়োগ কৰক।


Post a Comment

0 Comments