শ্বেয়াৰ বজাৰত বিনিয়োেগ কৰাৰ আগতে জানো আহক এইবোৰ শব্দৰ অৰ্থ
এভাৰেজিং ডাউন
'এভাৰেজিং ডাউন' আচলতে এক প্ৰকাৰৰ বিনিয়োগ কৌশল। এই প্রক্রিয়াত কোনো ষ্টকত বিনিয়োগ কৰাৰ পাছত যদি সেই ষ্টকৰ মূল্য কমি যায়, তেন্তে সেই কম মূল্যত বিনিয়োগকাৰীজনে তেনে ষ্টক আৰু কেইটামান কিনি লয়। ফলত প্রতি শ্বেয়াৰত বিনিয়োগৰ পৰিমাণ কমি যায় আৰু সেই শ্বেয়াৰৰ মূল্য সামান্য বৃদ্ধি হ'লেও বিনিয়োগকাৰীয়ে লাভৱান হ'ব পাৰে। উদাহৰণস্বৰূপে, ধৰা হ'ল জুনত এজন বিনিয়োগকাৰীয়ে 'ক' নামৰ কোম্পানীটোৰ ১০ টা শ্বেয়াৰ প্রতিটোতে ১০০ টকাকৈ মুঠ ১০০০ টকাত ক্ৰয় কৰিছিল। কিন্তু জুলাইৰ আৰম্ভণিতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৫০ শতাংশ কমি যায় আৰু একোটা শ্বেয়াৰৰ দাম হয়গৈ ৫০ টকা। ইয়াৰ পাছত যদি বিনিয়োগকাৰীজনে উক্ত কোম্পানীটোৰ আৰু ২০টা শ্বেয়াৰ ক্রয় কৰে, তেন্তে তেওঁৰ খরচ পৰিব ৫০+২০-১০০০ টকা। অর্থাৎ বিনিয়োগকাৰীজনে মুঠ ২০০০ টকা বিনিয়োগ কৰি কোম্পানীটোৰ মুঠ ৩০টা শ্বেয়াৰৰ গৰাকী হ'ব। এনে কৰাৰ ফলত তেওঁৰ হাতত থকা প্রতিটো শ্বেয়াৰৰ মূল্য হ'ব ২০০০+৩০= ৬৬ টকা ৬৬ পইচা। এই পদ্ধতিটোকে এভাৰেজিং ডাউন বোলা হয়।
বিয়েৰ মার্কেট
বিয়েৰ মার্কেটে শ্বেয়াৰ বজাৰৰ এক বিশেষ অৱস্থাক বুজায়। বজাৰখন পতনৰ সম্ভাৱনা থকা সময়ছোৱাক বিয়েৰ বজাৰ বোলা হয়। এই সময়ত পৰাপক্ষত কোনো ষ্টকতে বিনিয়োগ নকৰে। বিনিয়োগকাৰীয়ে। কাৰণ বজাৰৰ পতন মানেই বিনিয়োগকাৰীৰ লোকচান। কিন্তু কিছুসংখ্যক বিশেষজ্ঞৰ মতে, এই সময়ত নতুন বিনিয়োগ নকৰিলেও এছআইপি বন্ধ কৰা উচিত নহয়। ভাৰতীয় শ্বেয়াৰ বজাৰৰ ইতিহাস চালে দেখা যায় বিয়েৰ মাৰ্কেটৰ সূচনা হ'লে ছেনছেক্স আৰু নিস্টীৰ দৰে সূচকাংকৰ ২০ শতাংশ বা তাতকৈ অধিক পর্যন্ত পতন হয়।
বুল মার্কেট
বুল মার্কেটো শ্বেয়াৰ বজাৰৰ এক. বিশেষ অৱস্থা। কিন্তু ই বিয়েৰ মার্কেটৰ সম্পূৰ্ণ বিপৰীত। যি সময়ত বজাৰৰ মূল্য কম হয় আৰু বজাৰ বৃদ্ধিৰ সম্ভাৱনা থাকে, সেই সময়ছোৱাক বুল মার্কেট বোলা হয়। শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীসকলে এই বুল মার্কেটৰ সময়কে বিনিয়োগৰ বাবে আটাইতকৈ উত্তম সময় বুলি বিবেচনা কৰে। এই সময়ত বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে বহুত বেছি লাভ অর্জন কৰিব পাৰে।
বাইবেক
যেতিয়া কোনো এটা কোম্পানীয়ে শ্বেয়াৰ বজাৰত মুকলি কৰি দিয়া সৰ্বমুঠ শ্বেয়াৰৰ সংখ্যা হ্রাস কৰিব বিচাৰে, তেনে পৰিস্থিতিত কোম্পানীটোৱে বিনিয়োগকাৰীৰ হাতত থকা শ্বেয়াৰ ক্রয় কৰে আৰু সেই উপায়েৰে বজাৰত থকা শ্বেয়াৰৰ সংখ্যা হ্রাস কৰে। এই প্রক্রিয়াকে বাইবেক বুলি কয়। যেতিয়া কোনো কোম্পানীয়ে বাইবেক কৰে, তেতিয়া সেই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য সাধাৰণতে বহু গুণে বৃদ্ধি পায়।
ৰূপি-কস্ত এভাৰেজিং
এভাৰেজিং ডাউনৰ দৰেই ৰূপি-কস্ত এভাৰেজিং হৈছে এক প্ৰকাৰৰ বিনিয়োগ কৌশল। ইয়াক ডলাৰ-কস্ত এভাৰেজিং বুলিও জনা যায় শ্রএই প্রক্রিয়াত বিনিয়োগকাৰীয়ে এটা নির্দিষ্ট সময়ৰ ভিতৰত এটা নির্দিষ্ট পৰিমাণৰ ষ্টক ক্রয় কৰে, এই প্রক্রিয়া ঠিক এছ আইপিৰ দৰেই।
এক্সচেঞ্জ ট্রেডেড ফাণ্ড বা ইটিএফ
এক্সচেঞ্জ ট্রেডেড ফাণ্ড বা ইটিএফ হৈছে আচলতে কে'বাটাও ষ্টক বা বণ্ডৰ দ্বাৰা গঠিত এক বিশেষ ধৰণৰ ফাণ্ড বা পুঁজি। এই ইটিএফসমূহ প্রধান আৰু ডাঙৰ ডাঙৰ ষ্টক এক্সচেঞ্জসমূহত জাৰি কৰা হয়। ইটিএফৰ বৈশিষ্ট্যসমূহ প্ৰায় মিউচুৱেল ফাণ্ডৰ দৰেই।
আইপি অ'
যেতিয়া কোনো ব্যক্তিগত কোম্পানীয়ে নিজৰ ষ্টক সাধাৰণ জনতাই কিনিব পৰাকৈ শ্বেয়াৰ বজাৰত মুকলি কৰে, তাক আইপিঅ' বা প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ বুলি কোৱা হয়।
লিকুইডিটি বা তাৰল্য
নগদ ধনক সাধাৰণতে সম্পত্তিৰ ভিতৰত আটাইতকৈ লিকুইড বুলি ধৰা হয়। বিপৰীতে, ষ্টক বা ৰিয়েল এষ্টেট নগদ ধনতকৈ কম লিকুইড। কাৰণ বিক্রেতাই এই ধৰণৰ সম্পত্তি বিক্ৰী কৰি সৰ্বোচ্চ মূল্য পাবলৈ অপেক্ষা কৰিবলগীয়া হয়। শ্বেয়াৰ বজাৰৰ ক্ষেত্ৰত মূল্য সলনি নকৰাকৈ কিমান সোনকালে এটা ষ্টক কিনা বা বিক্রী কৰিব পাৰি তাক লিকুইডিটি বোলা হয়।
sources from News paper
0 Comments
Thanks for visiting! We'd love to hear your thoughts – feel free to comment below.