দশম-দ্বাদশ শ্ৰেণীৰ পাছত সোণালী ভৱিষ্যতৰ সন্ধান
Confused After 10th or 12th? Career Guide for Assam Students (Science, Commerce, Arts)
ইতিমধ্যে দশম আৰু দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষাসমূহ শেষ হ'ল। এতিয়া উচ্চ শিক্ষাৰ লক্ষ্যৰে নামভৰ্তিৰ সময়। এই দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থী আৰু অভিভাৱকসকলৰ বাবে এই সময়ছোৱা অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হয়। কাৰণ এই সময়তে দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ প্রতিটো পৰিয়াল এক দোমোজাত পৰে, সন্তানে একাদশ শ্রেণীত কোনটো শাখাত নামভর্তি কৰিব- বিজ্ঞান, বাণিজ্য নে কলা?
দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বাবে পাঠ্যক্রম তথা পেছাদাৰী ভৱিষ্যতৰ পৰিকল্পনা এই সময়ছোৱাতে কৰিব লগীয়া হয়। এই সময়ত লোৱা সিদ্ধান্তই কেৱল ছাত্র-ছাত্রীৰ ভবিষ্যতেই নহয়, বৰঞ্চ অভিভাৱকসকলৰ সামাজিক মর্যাদাকো যেন প্রকাৰান্তৰে প্রত্যাহ্বান জনায়। তেনে এটা পৰিৱেশেই আমাৰ সমাজত চলি অহা দেখা গৈছে। কিয়নো আমাৰ সমাজখনত এতিয়াও বৰুৱাৰ ল'ৰাই বিজ্ঞান শাখাত পঢ়িছে, শৰ্মাৰ ছোৱালীয়ে অভিযান্ত্রিকত নামভৰ্তিৰ বাবে ক'চিঙত সোমাইছে, গতিকে মোৰ ল'ৰাৰ ক্ষেত্ৰতনো নকৰোঁ কিয় জাতীয় প্রতিযোগিতামূলক মানসিকতা শিপাই নথকা নহয়। কিন্তু আজিৰ একবিংশ শতিকাৰ দ্রুত পৰিৱৰ্তিত পৃথিৱীত এনে চিন্তাধাৰাই ছাত্র-ছাত্রীৰ প্রতিভা বিকাশৰ পথত হেঙাৰহে সৃষ্টি কৰে বুলি ইতিমধ্যে প্রমাণিত হৈছে।
বিজ্ঞান, কলা নে বাণিজ্য
(Arts, Commerce and Science)
কেৱল ব'ৰ্ড পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পাঠ্যক্রম বাছনি কৰাটো এক ভুল পদ্ধতি। আমাৰ সমাজত এটা ধাৰণা পৰম্পৰাগতভাৱে চলি আহিছে। যিসকল ছাত্র-ছাত্রীয়ে দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত ৯০শতাংশ বা ততোধিক নম্বৰ পায়, তেওঁলোক কেৱল বিজ্ঞান শাখাৰ বাবেহে উপযুক্ত। কিন্তু এই ধাৰণাটো বিজ্ঞানসন্মতভাবে শুদ্ধ নহয়। পৰীক্ষাত বিভিন্ন বিষয়ত গড়ে ৯০ শতাংশ নম্বৰ পোৱা কোনো এজন শিক্ষার্থীৰ অতি উচ্চমানৰ চিত্রশিল্পী, এগৰাকী ব্যৱস্থাপনা বিশেষজ্ঞ বা এগৰাকী সফল অধিবক্তা হোৱাৰ অভ্যন্তৰীণ যোগ্যতা থাকিব পাৰে। আনহাতে, ৬০ শতাংশ নম্বৰ পোৱা অন্য এজন শিক্ষার্থীৰ মাজত এগৰাকী উদ্যোগী হোৱাৰ সাহস আৰু ব্যাবসায়িক বুদ্ধি লুকাই থাকিব পাৰে। বিজ্ঞান শাখাত নামভর্তি কৰি কেৱল চিকিৎসক বা অভিযন্তাৰূপে নিজক গঢ় দিয়াটোহে সফলতাৰ একমাত্র চাবিকাঠী বুলি থকা ধাৰণাৰ দিনবোৰো এতিয়া উকলিল। আজিৰ যুগত পৰীক্ষাত লাভ কৰা নম্বৰতকৈ অধিক গুৰুত্ব দিয়া হয় এজন শিক্ষার্থীৰ দক্ষতা আৰু তেওঁৰ কৰ্ম সম্পাদনৰ প্ৰতি থকা আগ্ৰহৰ ওপৰত। শিক্ষার্থীসকলে নিজে এই ক্ষেত্রত সচেতন হৈ নিজৰ দক্ষতাক চিনাক্ত কৰিব পৰাটো বিশেষভাৱে প্রয়োজনীয় হৈ পৰিছে। পৰীক্ষাত লাভ কৰা নম্বৰৰ উপৰি শিক্ষার্থী এজনে নিজৰ মাজত কি কি বিশেষ দক্ষতা আছে, সেইটো চিনাক্ত কৰিবলৈ তেওঁক সৰুৰে পৰা শিকাব লাগিব।
উদাহৰণস্বৰূপে শিক্ষার্থীজন যদি লেখা-মেলা কৰাত, যুক্তি প্রদর্শন বা ৰাজহুৱা ভাষণ আদিত পাকৈত, তেন্তে গণ মাধ্যম বা আইনৰ দৰে পাঠ্যক্ৰম তেওঁৰ বাবে উপযুক্ত হ'ব পাৰে। অৱশ্যে যিকোনো পাঠ্যক্রম চূড়ান্ত কৰাৰ আগতে সেই ক্ষেত্ৰখনত আগন্তুক ৫-১০ বছৰত কিমান চাকৰি বা সংস্থাপনৰ সুযোগ থাকিব, সেইটো জানি লোৱা জৰুৰী। বৰ্তমানৰ যুগত এ আই বা কৃত্রিম বুদ্ধিমত্তা, ডাটা ছায়েন্স, ডিজিটেল মার্কেটিং আৰু স্বাস্থ্যসেৱা খণ্ডত সংস্থাপনৰ সুযোগ দ্রুতগতিত বৃদ্ধি পাইছে। পৰম্পৰাগত ধাৰণাৰে কেৱল চিকিৎসক-অভিযন্তা হোৱাৰ সপোন দেখাৰ পৰিৱৰ্তে এই নতুন ক্ষেত্রসমূহত নিয়োগ সম্ভাৱনাৰ বিষয়েও জ্ঞান আহৰণ কৰাটো প্রয়োজনীয়। শিক্ষা বিশেষজ্ঞসকলৰ মতে, শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ'ল এজন শিক্ষার্থীৰ ভিতৰত থকা একক সম্ভাৱনাবোৰক বিচাৰি উলিওৱা। আনক দেখি বা ভিৰৰ অংশ হৈ শিক্ষা গ্রহণ বা কেৰিয়াৰৰ পথ নিৰ্বাচন কৰিলে ভৱিষ্যতে সফল হোৱাৰ পৰিৱৰ্তে মানসিক অসন্তুষ্টিহে গোটাই লোৱা হয়।
কেৰিয়াৰ বাছনি 'ষ্টেটাছ ছিম্বল' নহয়
অপ্রিয় হ'লেও বাস্তৱত সত্য যে গৰিষ্ঠসংখ্যক অভিভাৱকে কেৱল 'স্টেটাছ ছিম্বল' বা সামাজিক মর্যাদাৰ বাবে সন্তানক বিজ্ঞান শাখাত পঢ়িবলৈ বাধ্য কৰে। সন্তানক কোনো এটা শাখাত নামভৰ্তিৰ সময়ত বিষয়বোৰ বাছনি কৰাৰ পূৰ্বে বুজি পাব লাগে যে যি কামত ছাত্ৰজনৰ আনন্দ নাই, সেই কামত তেওঁ কেতিয়াও উন্নতমানৰ পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। বলপূর্বকভাৱে জাপি দিয়া বিজ্ঞানৰ বিষয়বোৰে এজন সম্ভাৱনাপূর্ণ সাহিত্যিক বা এজন দক্ষ উদ্যোগীক অকালতে মৰহি যাবলৈ বাধ্য কৰিব পাৰে। শিক্ষা হ'ল এখন মুক্ত আকাশ। ইয়াত প্রতিটো শাখাৰে আকাশৰ দৰে বিশালতা আছে। সিদ্ধান্ত লোৱাৰ আগতে অভিভাৱকে সন্তানৰ লগত মুকলিকৈ আলোচনা কৰাটো প্রয়োজনীয়। তেওঁ কি ভাল পায়, কোনটো বিষয়ত তেওঁৰ দখল বেছি সেইটো জানিবলৈ চেষ্টা কৰিব লাগে। প্রয়োজন হ'লে বৃত্তিগত পৰামৰ্শদাতা বা এপ্টিটিউড টেষ্টৰ সহায় লৈ বিষয়ৰ আগ্ৰহৰ উমান ল'ব পৰা যায়।
কেৰিয়াৰ প্ৰত্যাশীসকলে তলৰ প্ৰশ্নকেইটাৰ সহায়ত নিজক পৰীক্ষা কৰি চাব পাৰে ...
১. মোৰ প্ৰিয় বিষয়বোৰ কি কি?
(ক) মই গাণিতিক সমস্যা সমাধান কৰি বা বিজ্ঞানৰ নতুন তথ্য জানি ভালপাওঁ নেকি?
(খ) মই বজাৰৰ খবৰ, টকা-পইচাৰ হিচাপ বা ব্যাৱসায়িক ধাৰণাৰ প্ৰতি আগ্ৰহী নেকি?
(গ) মই কবিতা, গল্প, ইতিহাস, ৰাজনীতি বা সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে পঢ়ি বা লিখি ভাল পাওঁ নেকি?
২. মোৰ নিজস্ব দক্ষতা কেনেকুৱা?
(ক) মোৰ তৰ্ক কৰিব পৰা ক্ষমতা, যুক্তি আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী বেছি নেকি?
(খ) মই ছবি আঁকা, ডিজাইন কৰা বা নতুন কিবা সৃষ্টি কৰাত পাকৈত নেকি?
(গ) মোৰ কথা কোৱাৰ শৈলী বা মানুহৰ লগত যোগাযোগ কৰাৰ ক্ষমতা ভাল নেকি?
৩. মোৰ দীৰ্ঘম্যাদী লক্ষ্য
(ক) মই নিজকে এজন গৱেষক, অভিযন্তা বা চিকিৎসক হিচাপে দেখিবলৈ বিচাৰোঁ নেকি?
(খ) মই এজন সফল মেনেজাৰ, ছার্টার্ড একাউনটেন্ট বা এগৰাকী নতুন উদ্যোগী হ'ব খোজোঁ নেকি?
(গ) মই এজন প্রশাসনিক বিষয়া, অধিবক্তা, সাংবাদিক বা সমাজবিজ্ঞানী হোৱাৰ সপোন দেখোঁ নেকি?
৪. বাস্তৱিক পৰীক্ষা
(ক) মই যিটো শাখা ল'ব বিচাৰিছোঁ, সেইটো মোৰ নিজৰ নে বন্ধু বা অভিভাৱকৰ পচন্দৰ?
(খ) মই উক্ত শাখাৰ বিষয়বোৰ এঘণ্টা মনোযোগ দি পঢ়িব পাৰোঁনে?
সিদ্ধান্ত গ্ৰহণৰ বাবে সহায়ক তালিকা
বিজ্ঞান
দক্ষতাঃ পৰীক্ষণ আৰু গাণিতিক যুক্তি
বাণিজ্য
দক্ষতা: হিচাপ-নিকাচ আৰু ব্যাৱসায়িক বুদ্ধি
কলা
দক্ষতা: সৃজনীশীলতা আৰু সমকালীন সমাজ সম্পর্কে সচেতনতা
শিক্ষা এতিয়া পচন্দভিত্তিক
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ এ পৰম্পৰাগত 'ষ্ট্ৰীম' বা শাখাৰ ধাৰণাটোক প্রায় নোহোৱা কৰি পেলাইছে। এতিয়া বিষয়বোৰ পচন্দ ভিত্তিক কৰি তোলা হৈছে। এজন শিক্ষার্থীয়ে ইচ্ছা কৰিলে পদার্থ বিজ্ঞানৰ লগত ৰাজনীতি বিজ্ঞান পঢ়িব পাৰিব বা গণিতৰ লগত সংগীতকো পাঠ্য বিষয় হিচাপে বাছনি কৰিব পাৰিব। ছাত্র-ছাত্রীক এটা নির্দিষ্ট চন্দুকত বন্দী কৰি নাৰাখি তেওঁলোকৰ বহুমুখী প্রতিভাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে পচন্দ ভিত্তিক বিষয় বাছনিৰ সুযোগ দিয়া হৈছে। এনে সুবিধাৰ বাবে শিক্ষার্থীয়ে এতিয়া নিজৰ পচন্দৰ বিষয়বোৰ সংমিশ্ৰণ কৰি নিজৰ কেৰিয়াৰ গঢ়াৰ সুযোগ লাভ কৰিছে।
অৱশ্যে বিষয়বোৰ বাছনি কৰাৰ পূৰ্বে শিক্ষার্থীজনে আত্ম-পর্যবেক্ষণ কৰি লোৱাটো অতি প্রয়োজনীয়। শিক্ষার্থীজন প্ৰকৃতিৰ ৰহস্য, জীৱবিজ্ঞান, গণিতৰ জটিল সমস্যা সমাধান বা নতুন কিবা উদ্ভাৱন কৰাৰ প্ৰতি আগ্ৰহী, তেন্তে বিজ্ঞান হ'ব তেওঁৰ বাবে সঠিক পথ। অৱশ্যে বিজ্ঞানমানে যে কেৱল চিকিৎসক অথবা অভিযন্তাই নহয়, এইক্ষেত্রত সেই কথাটো মনত ৰাখিব লাগিব। এতিয়া কৃত্রিম বুদ্ধিমত্তা, ডাটা ছায়েন্স, মহাকাশ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ দৰে আধুনিক আৰু অতি আকর্ষণীয় বহুবোৰ ক্ষেত্ৰ আছে। বিশেষকৈ অসমৰ জৈৱ-বৈচিত্র্য ৰক্ষাৰ বাবে পৰিৱেশ বিজ্ঞানৰ বিশেষজ্ঞৰ আজি বহু প্রয়োজন। আনহাতে, বজাৰ ব্যৱস্থা, অর্থনীতি, পৰিসংখ্যা আৰু ব্যৱসায় পৰিচালনাৰ প্ৰতি তীব্র আকর্ষণ থকা শিক্ষার্থী এজনৰ বাবে বাণিজ্য শাখা হ'ল সর্বোত্তম বাছনি। বাণিজ্য মানে কেৱল হিচাপ-নিকাচ বা ব্যৱসায় নহয়। ই অর্থনৈতিক জগতৰ এখন বহল দুৱাৰ। লগতে সমাজ, ৰাজনীতি, ইতিহাস, আইন বা যোগাযোগৰ দৰে সৃজনীমূলক দিশবোৰত যদি শিক্ষার্থীজন আগ্রহী, তেন্তে কলা শাখা তেওঁৰ বাবে এক সোণালী সুযোগ। আজিৰ দিনত কলা শাখাৰ শিক্ষার্থীসকল আইন, মনোবিজ্ঞান, সাংবাদিকতা আৰু ডিজাইনৰ দৰে ক্ষেত্ৰবোৰত চিকিৎসক-অভিযন্তাতকৈ কোনো গুণে কম নহয়।
সুযোগৰ সন্ধান
স্নাতক পর্যায়ত নামভৰ্তিৰ বাবে এতিয়া কেৱল ব'ৰ্ডৰ নম্বৰ নহয়, বৰঞ্চ CUETৰ দৰে প্ৰৱেশ পৰীক্ষাহে মূল চাবিকাঠী। আকৌ, বহুতো অভিভাৱকে ভাবে যে বাণিজ্য বা কলা শাখাত অধ্যয়ন কৰিলে চাকৰি বা সংস্থাপনৰ সুযোগ কম। কিন্তু বাস্তৱ ক্ষেত্ৰত ছবিখন সম্পূর্ণ ওলোটা। ছার্টার্ড একাউনটেন্ট বা কোম্পানী ছেক্ৰেটেৰীৰ দৰে উচ্চ আয়ৰ মর্যাদাপূর্ণ কেৰিয়াৰ বণিজ্য শাখাৰ পৰাই গঢ়িব পাৰি। বৰ্তমান গঢ় লৈ উঠা ষ্টার্ট-আপ সংস্কৃতিৰ সুযোগ গ্ৰহণ কৰি বাণিজ্যৰ জ্ঞান কর্মক্ষেত্ৰত খটুৱাই এজন শিক্ষার্থীয়ে নিজেই আন দহজনক চাকৰি দিব পৰা এজন সফল উদ্যোগী বা ব্যৱসায়ীৰূপে নিজকে প্রতিষ্ঠা কৰিব পাৰে। তদুপৰি বাণিজ্য শাখাত উচ্চশিক্ষা গ্রহণ কৰি বিত্তীয় উপদেষ্টা বা বিত্তীয় প্রতিষ্ঠানৰ পৰিচালক হিচাপে নিয়োগৰ সুযোগ আছে। অসমত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানে আইন শিক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্রা প্রদান কৰিছে। কলা শাখাৰ পৰাই এজন সফল অধিবক্তা বা ন্যায়াধীশ হোৱাৰ সুযোগ বেছি। প্রশাসনিক সেৱাত যোগদান কৰি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া হ'বলৈ হ'লে কলা শাখাৰ বিষয়বোৰ যেনে- ইতিহাস, ভুগোল, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান আদি অত্যন্ত সহায়কাৰী হয়। ফেশ্বন ডিজাইনিং, গ্রাফিক ডিজাইনিং বা ইন্টেৰিয়ৰ ডিজাইনিং আজিৰ যুগত একো একোটা বিৰাট উদ্যোগ। সমাজত মানসিক স্বাস্থ্যৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে এই ক্ষেত্ৰত পেছাদাৰী মনোবিজ্ঞান বিশেষজ্ঞৰ চাহিদাও দ্রুতগতিত বাঢ়িছে। কলা শাখাৰ শিক্ষার্থীৰ বাবে এইবোৰ একো একোটা সুন্দৰ কেৰিয়াৰ পথ হ'ব পাৰে।
নিজৰ বিচাৰ-বুদ্ধি আৰু সামর্থ্যৰে সিদ্ধান্ত গ্রহণ
বহুতো কেৰিয়াৰ প্রত্যাশীয়ে অভিযান্ত্রিক ডিগ্ৰীক এটা সুৰক্ষিত ভেটি হিচাপে লৈ পৰৱৰ্তী সময়ত অসামৰিক সেৱা বা বেংকিং খণ্ডৰ বাবে প্রস্তুতি চলায়। কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হৈ থকাজনৰ বাবে এইটো এক সুন্দৰ কৌশল হ'ব পাৰে। বহুতো বুদ্ধিমান শিক্ষার্থীয়ে নিজৰ দোমোজা থকা ক্ষেত্ৰবোৰৰ আনুষংগিক হ্রস্বকালীন অনলাইন পাঠ্যক্রম কিছুমানত নামভৰ্তি কৰি নিজক পৰীক্ষা কৰি চায়, সেই বিষয়টো বা ক্ষেত্রখন তেওঁৰ বাবে সঁচাকৈয়ে আনন্দদায়ক হয় নে নহয়। এই ক্ষেত্রত নিজে সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে শিক্ষক, কেৰিয়াৰ পৰামৰ্শদাতা বা জ্যেষ্ঠসকলৰ সহায় ল'ব পাৰি। আজিকালি ইণ্টাৰনে'টত কেৰিয়াৰ সম্পর্কীয় সঠিক তথ্য অতি সহজতে পোৱা যায়। এই সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিলে নিশ্চয়কৈ সুফল লাভ কৰিব পৰা যাব। এই ক্ষেত্রত বন্ধুবর্গই কি পাঠ্যক্ৰমৰ বিষয়ে ভাবিছে বা অভিভাৱক অথবা সমাজে কেনে এটা কেৰিয়াৰ বিচাৰিছে, সেইটো ডাঙৰ কথা নহয়। নিজাববীয়া কোনো আগ্রহ নোহোৱাকৈ কেৱল মৰ্যাদাৰ বাবে নিজৰ আগ্ৰহ আৰু ৰুচিৰ বিপৰীতে গৈ চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিকৰ দৰে পাঠ্যক্রম পঢ়িবলৈ গ'লে পাছলৈ মানসিক চাপ আৰু বিফলতা আহিব পাৰে। গতিকে, আনক দেখি নহয়, নিজৰ বিচাৰ-বুদ্ধিৰে সিদ্ধান্ত লোৱাটোহে জ্ঞানী পদক্ষেপ হ'ব।
কেৰিয়াৰ নিৰ্বাচনত আর্থিক দিশৰ গুৰুত্ব
কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আর্থিক দিশটোও সমানেই গুৰুত্বপূৰ্ণ। কেৰিয়াৰ নিৰ্বাচনৰ সময়ত আৱেগিক হোৱাতকৈ আর্থিকভাৱে বাস্তৱসন্মত হোৱাটোৱেহে এজন শিক্ষার্থীক ভৱিষ্যতৰ সম্ভাব্য বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিব পাৰে। অসমত ছাত্ৰীসকলৰ বাবে চৰকাৰী খণ্ডত স্নাতকোত্তৰ পৰ্যায়লৈকে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা বিনামূলীয়া। ছাত্ৰসকলৰ ক্ষেত্রতো বিদ্যালয় পর্যায়ত মাচুল নাই যদিও মহাবিদ্যালয় পর্যায়ত অৱশ্যে দৰিদ্র সীমাৰেখাৰ তলৰ শিক্ষার্থীয়ে ৰেহাই পায়। এইখিনিতে মন কৰিবলগীয়া যে উল্লিখিত সুবিধাসমূহ মূলতঃ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ পৰম্পৰাগত বিষয়সমূহৰ ক্ষেত্রতহে বেছি প্রযোজ্য। কিন্তু পেছাদাৰী শিক্ষাৰ ক্ষেত্ৰত এই ছবিখন পৃথক। চিকিৎসা বিজ্ঞান বা ইঞ্জিনীয়াৰিঙৰ দৰে পাঠ্যক্ৰমৰ মাচুল চৰকাৰী শিক্ষানুষ্ঠানবোৰত কৰ্ম যদিও ব্যক্তিগত খণ্ডত ই অতি উচ্চ আৰু প্রতিষ্ঠানভেদে বেলেগ বেলেগ। মেধাৱী শিক্ষাৰ্থীসকল যাতে কেৱল অৰ্থৰ অভাৱত পেছাদাৰী শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে মাচুলৰ গাঁথনি সমমানৰ হোৱাটো আজিৰ এক গুৰুত্বপূৰ্ণ প্রয়োজনীয়তা। এটা কথা অতি পৰিতাপেৰে মন কৰা হয় যে মেধা আৰু আগ্রহ যিমানেই নাথাকক কিয়, বাস্তৱ ক্ষেত্ৰখনত আর্থিক সামর্থ্যই প্রায়ে সপোন আকিব সফলতাৰ মাজত দেবাল হে দিয়ে। সেয়ে কৰাটো যিমান প্রয়োজনীয়, সেই পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈ যাওঁতে আর্থিক দিশটোৰ বিষয়ে সচেতন হোৱাটোও সমানেই জৰুৰী হৈ পৰে।
কেৰিয়াৰৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ উচ্চহাৰৰ মাচুল পৰিশোধ কৰিবলৈ বহু মধ্যবিত্ত পৰিয়ালে শিক্ষা ঋণ ল'বলৈ বাধ্য হয়। বহু সময়ত ইয়াৰ পৰিণাম আশানুৰূপ নহ'বও পাৰে। কিয়নো পেছাদাৰী ডিগ্রী এটা আহৰণ কৰা মানেই যে লগে লগে উচ্চ দৰমহাৰ চাকৰি বা সংস্থাপন এটাৰ সুবিধা যুগটোত নাই। যদি এজন ছাত্রই ডিগ্রী শেষ কৰি উপযুক্ত সংস্থাপন নাপায়, তেন্তে ঋণৰ সুত আৰু কিক্তিৰ বোজাই তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতেই মানসিকভাৱে ভাঙি পেলোৱাৰ আশংকাক নুই কৰিব নোৱাৰি। আনহাতে, ঋণৰ বোজা থকা ডিগ্রীধাৰী এজনে নিজাববীয়াকৈ ষ্টার্ট-আপ বা কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে আগবাঢ়ি বলৈ সাহস নকৰে। ঋণ পৰিশোধৰ স্বাৰ্থত তেওঁ যিকোনো এটা সাধাৰণ চাকৰি কৰিবলৈ বাধ্য হয় আৰু ইয়াৰ ফলত তেওঁৰ প্ৰকৃত প্রতিভা বিকশিত হ'বলৈ সুযোগ নাপায়।
চৰকাৰী শিক্ষানুষ্ঠানক অগ্রাধিকাৰ দিয়ক
চিকিৎসা বা অভিযান্ত্ৰিকৰ দৰে ব্যয়বহুল পাঠ্যক্ৰমৰ ক্ষেত্ৰত চৰকাৰী আসনৰ সংখ্যা আৱেদনকাৰীৰ অনুপাতে অতি সীমিত। যিসকল মেধাবী ছাত্র-ছাত্ৰীয়ে নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাত মাত্ৰ কেইটামান নম্বৰৰ বাবে চৰকাৰী আসন নাপায়, তেওঁলোকে অনিচ্ছাসত্ত্বেও ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ বাধ্য হয়। ব্যক্তিগত খণ্ডৰ এনেবোৰ শিক্ষানুষ্ঠানত সমমানৰ মাচুল গাঁথনি নথকাটো এক দুর্ভাগ্যজনক দিশ। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নিজা ইচ্ছামতে মাচুল ধাৰ্য কৰাটোৱে সমাজত এক শৈক্ষিক বৈষম্য সৃষ্টি কৰিছে। একেটা পাঠ্যক্ৰমৰ বাবে ভিন্ন শিক্ষানুষ্ঠানত ভিন্ন মাচুলৰ আহিয়ে প্ৰমাণ কৰে যে শিক্ষা এতিয়া সেৱাতকৈ অধিক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে। চৰকাৰে ব্যক্তিগত খণ্ডৰ পেছাদাৰী শিক্ষাৰ মাচুলৰ উচ্চসীমা নির্ধাৰণ কৰি দিয়াটো মেধাৱী কিন্তু আর্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত অত্যন্ত জৰুৰী বিষয়ৰূপে পৰিগণিত হৈছে। এনে প্রেক্ষাপটত আজিৰ দিনত অভিভাৱকসকলে কোনো চিন্তা নকৰাকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কেৱল সম্ভ্রান্ত হিচাপে চর্চিত পাঠ্যক্ৰমত সন্তানৰ নামভর্তি কৰোৱাটো এক শুদ্ধ পদক্ষেপ নহ'বও পাৰে। অভিভাৱকসকলে শিক্ষাৰ নামত ব্যক্তিগত শিক্ষানুষ্ঠানত কৰা বিনিয়োগ অনুপাতে ভৱিষ্যতে উপাৰ্জনৰ সম্ভাৱনা কিমান, তাক বিশ্লেষণ কৰাটোও জৰুৰী বুলি গণ্য কৰা হৈছে। যিকোনো ব্যক্তিগত শিক্ষানুষ্ঠানত লাখ লাখ টকা মাচুল দিয়াৰ আগতে, সেই ডিগ্ৰীটো লাভকৰাৰ পাছত সন্তানৰ গড় দৰমহা কিমান হ'ব তাৰ উমান লোৱাটোও প্রয়োজনীয়। হাৰ অতি কম, তেন্তে তেনে ব্যয়বহুল পাঠ্যক্ৰমৰ পৰিৱৰ্তে কম খৰচী বিকল্পৰ সন্ধান কৰাটোৱে বুদ্ধিমত্তাৰ কাম হ'ব। সাঁচতীয়া পুঁজি নথকাৰ বাবে ঋণ ল'ব লগীয়া অভিভাৱকৰ ক্ষেত্ৰত এই দিশটো অধিক চিন্তনীয়। অৱশ্যে মেধা কেৱল আর্থিকভাৱে সামৰ্থৱানসকলৰ ঘৰতে জন্ম নহয়। সেয়েহে মেধাৱী শিক্ষার্থী এজন অৰ্থৰ অভাৱত চিকিৎসক বা অভিযন্তা হ'ব নোৱাৰাটো এক প্ৰকাৰ সামাজিক বিফলতা বুলিয়েই গণ্য কৰিব লাগিব। সেয়ে এই ক্ষেত্ৰত মাচুলৰ গাঁথনি সমমানৰ ব্যক্তিগত খণ্ডত চৰকাৰী নিয়ন্ত্রণ থাকিলেহে প্রকৃততে উচ্চশিক্ষাৰ অভিযানটো সার্থক হৈ উঠিব।
অভিভাৱকসকলে নিজৰ সন্তানৰ মেধাৰ ওপৰত বিশ্বাস ৰখাটো প্রয়োজনীয়। কেৱল সামাজিক মর্যাদাৰ বাবে নিজৰ সাঁচতীয়া পুঁজি বা মাটি-সম্পত্তি বিক্ৰী কৰি অনিশ্চিত ভৱিষ্যতৰ ফালে সন্তানক আগুৱাই দিয়াটো অশুভ লক্ষণ। সেয়ে শিক্ষাৰ পথ বা কেৰিয়াৰ বাছনি কৰোঁতে আর্থিক সামর্থ্যৰ দিশটোক অৱজ্ঞা কৰা উচিত নহয়। চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে CUET, JEE, NEET আদি প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলৈ সন্তানক উৎসাহিত কৰাটোহে অধিক বাস্তৱসন্মত। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুবিধা পোৱা মানে কেৱল আর্থিক বোজা লাঘৱ হোৱাই নহয়, শিক্ষাৰ মানো উন্নত হয়।
কৃত্রিম বুদ্ধিমত্তাৰ যুগত ভৱিষ্যতৰ চাকৰি কিমান সুৰক্ষিত?
ইতিমধ্যে উল্লেখ কৰা হৈছে যে আজিৰ যুগটো কেৱল ডিগ্রী বা নম্বৰৰ নহয়। এই যুগটো পৰিৱৰ্তনৰ সৈতে খোজ মিলোৱাৰ যুগ। কৃত্রিম বুদ্ধিমত্তা বা AI এ যিটো ৰূপত চাকৰিৰ বজাৰখন সলনি কৰি দিছে, সেই দিশটোক কেৰিয়াৰ নিৰ্বাচনৰ সময়ত আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত। কিয়নো আজি যিবোৰ চাকৰিক অতি নিৰাপদ বা সন্মানীয় বুলি গণ্য কৰা হৈছে, তেনে বহুতো চাকৰিৰ সুযোগ আগন্তুক দিনবোৰত কৃত্রিম বুদ্ধিমত্তাই দখল কৰাৰ সম্ভাৱনা নথকা নহয়। গতিকে কেৰিয়াৰ বাছনি কৰোঁতে কেৱল বর্তমানলৈ চাই থকাৰ পৰিৱৰ্তে AI ৰ প্ৰভাৱৰ দিশটোও গভীৰভাৱে চিন্তা কৰা উচিত।
কিছুমান কর্মক্ষেত্রত AI এ মানুহতকৈ অধিক নিখুঁতকৈ কামবোৰ কৰিব পাৰে। গতিকে কেৰিয়াৰ নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিব লাগে যে AI এ প্রত্যক্ষভাৱে হাত দিব নোৱাৰা সৃজনীশীল চিন্তা, জটিল সমস্যা সমাধান আৰু মানৱীয় অনুভূতিৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহহে ভৱিষ্যতৰ কৰ্মসংস্থাপনত নিৰাপত্তাৰ দিশৰ পৰা অধিক সুৰক্ষিত। AI ক এটা সঁজুলি হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেই দিশটোক গুৰুত্ব দি কেৰিয়াৰ আগুৱাই নিয়াটো প্রয়োজনীয়। কলা, বিজ্ঞান বা বাণিজ্য যি শাখাই নহওক, তাৰ লগত আধুনিক প্রযুক্তিৰ কেনে সম্পর্ক আছে, সেইটো জানি লোৱাটো অপৰিহাৰ্য বুলি বিবেচিত হৈছে। তদুপৰি যিবোৰ কেৰিয়াৰত পৰিৱৰ্তনৰ সুযোগ কম বা যিবোৰ কাম সহজেই কম্পিউটাৰে সম্পন্ন কৰিব পাৰে, তেনে ক্ষেত্ৰবোৰত নামভৰ্তি কৰাৰ আগতে দুবাৰ চিন্তা কৰাটো আজিৰ সময়ত প্রয়োজনীয় হৈ পৰিছে। কিয়নো ভৱিষ্যতে সেইবিলাক ক্ষেত্ৰত চাকৰিৰ সংখ্যা দ্রুতগতিত হ্রাস পোৱাৰ সম্ভাৱনা নথকা নহয়। কেৰিয়াৰ বাছনি কৰোঁতে কেৱল সমাজৰ পুৰণি ধাৰণালৈ নাচাই, কৃত্রিম বুদ্ধিমত্তাৰ এই যুগত নিজৰ মানৱীয় দক্ষতা কেনেকৈ অটুট ৰাখিব পাৰি, সেইটো চাব জনাটোহে হ'ব আচল প্রত্যাহ্বান।
উপসংহাৰ
প্ৰকৃততে কেৰিয়াৰৰ সিদ্ধান্ত বৰ্তমানৰ বাবে লোৱা নহয়। ই আগন্তুক ১০-২০ বছৰৰ পাছৰ জীৱনটোক নিৰ্ধাৰণ কৰিব পৰাকৈ বর্তমান লোৱা সিদ্ধান্ত। আকৌ কেৰিয়াৰৰ সিদ্ধান্ত কেৱল এটা বিশেষ পৰিচয়ৰ বাবে লোৱা নহয়, ই জীৱনৰ সৰ্বাংগীণ সুখৰ বাবে লোৱা সিদ্ধান্ত। আনক অনুকৰণ কৰি বা সামাজিক মর্যাদাৰ বাবে কেৰিয়াৰ পচন্দ কৰাতকৈ নিজৰ মেধা আৰু আগ্রহক মূলধন হিচাপে লৈ আগুৱাই যোৱাহে যুগুত। কেৰিয়াৰৰ সঠিক নির্ণয়ে এটা সুন্দৰ আৰু সন্তুষ্টিদায়ক জীৱনৰ ভেটি গঢ়াত সহায় কৰে। গতিকে সঠিক তথ্য সংগ্ৰহ কৰি এক দীর্ঘম্যাদী দৃষ্টিভংগীৰে আগবাঢ়িলে ভৱিষ্যতৰ অনুশোচনাৰ পৰা ৰক্ষা পোৱাৰ লগতে এক সন্তুষ্টিদায়ক জীৱন উপহাৰ হিচাপে লাভ কৰিব পৰা যাব।
Note: এই লেখাটো বসুন্ধৰাৰ পৰা লোৱা হৈছে। ইয়াৰ উদ্দেশ্য কেৱল শিক্ষাৰ্থীক সঠিক বিষয় বাচনি কৰোৱা। লগতে লেখক সুৰজিৎ চলিহা ডাঙৰীয়াক যঠেষ্ট ধন্যবাদ; এই লেখাটোৰ বাবে যথেষ্ট শিক্ষাৰ্থীয়ে লাভৱান হ'ব বুলি আশা ৰাখিলোঁ। অধিক জানিবলৈ বসুন্ধৰা পঢ়াৰ অভ্যাস গঢ়ি তোলক।
FAQS
- Career After 10th and 12th in Assamese – How to Choose Right Stream (Science/Commerce/Arts)
- Which Stream is Best After 10th? Complete Assamese Career Guide 2026
- Confused After 10th or 12th? Best Career Options for Assam Students (Full Guide)
- How to Choose Career After 10th in Assamese – Science, Commerce or Arts?
- importance of choosing right career path students
- student interest vs marks career decision
- skills vs marks education system India
- modern career options AI data science India
- career counselling tips for students Assamese
- how to choose career after 10th in Assamese
- which stream is best after 10th Assam students
- arts commerce science difference Assamese guide
- career options after 12th without confusion Assamese
- student career planning guide Assam 2026
- best subject combination NEP 2020 Assamese
- career mistakes students should avoid after 10th Assamese
- future job demand courses in India Assamese
- AI career options for students India
- data science career after 12th India
- digital marketing career guide Assamese
- startup career opportunities for students India
- future jobs in India 2030 students



0 Comments
Thanks for visiting! We'd love to hear your thoughts – feel free to comment below.